ন্যাসৰ অন্যান্য কাৰ্যাৱলী

অধ্যয়নকক্ষ আৰু পুথিভঁৰাল৷

২০১৭ চনত ৰেণুকাদেৱী বৰকটকীৰ দেহাৱসানৰ পাছত পঞ্চৱটীৰ বৰকটকী বাসগৃহটি জ্যেষ্ঠ নাগৰিকসকলৰ সভাগৃহ আড্ডাঘৰ ৰূপান্তৰ কৰা হয়৷ তদুপৰি বৰকটকী বাসগৃহত এটি পুথিভঁৰাল আৰু এটি অধ্যয়ন কক্ষৰো ব্যৱস্থা কৰা হৈছে— য’ত মুনীন বৰকটকীৰদ্বাৰা সংগৃহীত গ্ৰন্থসমূহ, বঁটাবিজেতাসকলৰ গ্ৰন্থসমূহ আৰু অন্যান্য গ্ৰন্থসমূহ উপলব্ধ৷মুনীন বৰকটকী স্মাৰক ন্যাসৰ কাৰ্য্যালয়ো এই গৃহই৷

গৱেষণা আৰু পৃষ্ঠপোষকতা

২০১২ত এগৰাকী গৱেষকক মুনীন বৰকটকীৰ দিনপঞ্জীবোৰৰ পাঠোদ্ধাৰৰ বাবে এটা 'ফেল'শ্বিপ' দিয়া হৈছে৷

ট্ৰাষ্টে ইতিহাস বিষয়ৰ এগৰাকী গৱেষক ছাত্ৰক তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ অংশ হোৱাকৈ সত্যেন বৰকটকীৰ এখন পূৰ্ণাংগ জীৱনী গ্ৰন্থ প্ৰণয়নৰ বাবে এটি জলপানি (Fellowship) প্ৰদান কৰিব৷ আগ্ৰহী প্ৰাৰ্থীক এই সংক্ৰান্তত পৰিচালন ন্যাসৰক্ষীৰ স’তে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷